• Timeline Asom

Diagnostic test - COVID 19 বিশেষ লেখা

Diagnostic test - ক'ভিদ " কিছু জানিবলগীয়া কথা


লেখকঃ ডাঃ জয়ন্ত নাথ।

Clinical decision making ( কোনটো বেমাৰ হৈছে তাক জনাৰ প্ৰণালীবদ্ধ চিন্তাধাৰা ) কৰোতে এজন ডাক্তৰে ৰোগীৰ Clinical history আৰু physical examination ( ডাক্তৰে নিজে কৰা পৰীক্ষাবোৰ ) ৰ পিছত একে ধৰণৰ কেইটামান বেমাৰৰ ভিতৰত যিকোনো এটা হ'ব পাৰে বুলি সন্দেহত উপনীত হয় ৷ ইয়াক provisional diagnosis বোলে ৷ গতিকে final diagnosis সন্দেহ কৰা বেমাৰবোৰৰ ভিতৰত কোনটো আচলতে হৈছে তাক জানিবলৈ নিৰ্দিষ্ট diagnostic test কৰি এটা সিন্ধান্তত উপনীত হৈ চিকিৎসাৰ ফালে আগবাঢ়ে ৷ গতিকে সঠিক চিকিৎসাৰ বাবে সঠিক test ব্যৱহাৰ কৰা অত্যন্ত প্ৰয়োজনীয় ৷ এই ক্ষেত্ৰত ব্যৱহাৰ কৰা test ৰ result কিমান শতাংশ শুদ্ধ সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় ৷ গতিকে আমি ব্যৱহাৰ কৰা test প্ৰায় ১০০ শতাংশ শুদ্ধ উত্তৰ দিব পৰা হ'ব লাগে ৷ মানে sensitivity আৰু specificity ১০০ শতাংশ ৷ এনেধৰণৰ test standard আৰু accurate বুলি বিবেচনা কৰা হয় যি গৱেষণাৰ দ্বাৰা প্ৰমাণিত ৷ Unstandard diagnostic test বা আসোৱাহযুক্ত test য়ে false positive ( বেমাৰ নাই ,কিন্তু টেষ্ট পজিটিভ ) , false negative ( বেমাৰ আছে কিন্তু টেষ্ট নেগেটিভ ) results দিয়ে যিটো বিপদজনক ৷ সেয়ে ব্যৱহাৰ কৰা টেষ্টৰ psychometric properties যেনে sensitivity , specificity , reliability , validity থকা উপযুক্ত এটাহে বিবেচনা কৰা উচিত ৷


Sensitivity of test : শুদ্ধকৈ বেমাৰ ধৰা পেলাব পৰা সামৰ্থ্য ৷


Specificity of test : শুদ্ধকৈ বেমাৰ নাই বুলি কব পৰা সামৰ্থ্য


Reliability of test : এজনৰ টেষ্ট বহুবাৰ কৰিলেও একেটাই উত্তৰ পাই সেই টেষ্ট Reliable


. ক'ভিদ পৰীক্ষা

ইতিমধ্যে কভিদ ধৰা পেলোৱাৰ ক্ষেত্ৰতো বিভিন্ন ঠাইত ,দেশত বিভিন্ন ধৰণৰ Diagnostic test ব্যৱহাৰ কৰি থকা হৈছে ৷ যেনে PCR , RPCR , Antibody testing ইত্যাদি ৷ ইয়াৰ ওপৰত অধ্যয়নো চলি আছে কোনটো বেছি accurate . গতিকে কভিদৰ ক্ষেত্ৰতো আমি সথিকভাৱে আগবাঢ়িব লাগিব ৷

ইতিমধ্যে দুই এটা False positive , false negative ৰ খবৰ লাহে লাহে পোহৰলৈ আহিছে ৷ কভিদৰ বিভিন্ন টেষ্টবোৰৰ ভিতৰত যিটোৱে শুদ্ধ উত্তৰ দিয়ে আৰু যাৰ আসোঁৱাহ কম সেই পৰীক্ষাহে ব্যৱহাৰ কৰা উচিত ৷ গতিকে ওপৰত উল্লেখ কৰা কথাবোৰ চালি জাৰি চাই আগবাঢ়িব লাগিব ৷


কভিদৰ ক্ষেত্ৰত False negative বেছি বিপদজনক ৷ এইসকলৰ পৰা সংক্ৰমণৰ ভয় বেছি থাকে যিহেতু চিকিৎসা কোৱাৰেনটাইন , isolation আৰু symptomatic চিকিৎসাৰ পৰা বঞ্চিত থাকে ৷


বেমাৰ যিহেতু সম্পূৰ্ণ নিৰ্মুল হ'বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব আৰু আমি সথিকভাবে ক’ব নোৱাৰিম আৰু বিশেষজ্ঞ সকলেও একে কথাকে কৈছে গতিকে অন্ধবিশ্বাস আৰু অযুক্তিকৰ কথাত বিচলিত নহৈ শুদ্ধ পথেৰে আগবাঢ়িব লাগিব ৷ আমি এইটো স্বীকাৰ কৰিব লাগিব যে নতুন বেমাৰৰ তথ্য শেষ হৈ মেডিকেল চিকিৎসাৰ পাঠ্যক্ৰমত সোমাবলৈ সময়ৰ প্ৰয়োজন হ'ব ৷ বিজ্ঞানক স্বীকাৰ কৰিব লাগিব ৷


লকডাউনেই একমাত্ৰ আৰু শেষ উপাই নহয় আৰু বহুত মাহ ধৰি আমি লকডাউনত থাকিলে দেশৰ অৰ্থনীতিৰ লগতে প্ৰত্যেকজন মানুহৰে জীৱনত ইয়াৰ প্ৰভাব বিভিন্ন ধৰণে পৰিব আৰু লাহে লাহে পৰিব ধৰিছে ৷ গতিকে আমি পৰিকল্পিত আৰু কিছু নিয়মৰ মাজেৰে আগবাঢ়ি নিজক আৰু দেশকো সাজু কৰি তুলিব লাগিব ৷ নীতি নিয়মবোৰ আমাৰ ব্যৱহাৰ আৰু অভ্যাসত পৰিণত কৰিব পাৰিব লাগিব ৷ লগতে চৰকাৰেও সথিকভাৱে বৈজ্ঞানিক পৰিকল্পনাৰে আগবাঢ়িব লাগিব ৷

ভেকচিনৰ ওপৰত যেনেকৈ এতিয়া গৱেষণা চলি আছে কিন্তু এতিয়ালৈ ওলোৱা নাই ৷ ঠিক তেনেকৈ কভিদৰ ওপৰতো গৱেষণা চলি আছে ৷ নতুন তথ্য অহাটো একো ডাঙৰ কথা নহয় ৷ এটা নতুন বেমাৰৰ বিতং তথ্য গৱেষণাৰ মাজেৰে শেষ হৈ হয়তো পৰৱৰ্তী সময়ত মেডিকেল পাঠ্যক্ৰমত যোগ হ'ব ৷ সেই সময় অহালৈ আমি ধৈৰ্য্য ধৰিব লাগিব ৷


গতিকে এইসময়ত সকলো পজিটিভ বুলি ভাৱি মাস্ক , দুৰত্ব আৰু নিয়মবোৰ (কাহ আৰু হাচিৰ লগতে হাত ধোৱা ,মাস্ক খোলা মেলা কৰা ) মানি চলো আহক ৷ আমি এদিন সফল হমেই ৷


ডাঃ জয়ন্ত নাথ

মঙলদৈ ৮৮১২৮৫২৭৩৭

118 views0 comments