- Timeline Asom
Batadraba protest to release Akhil Gogoi
অখিল গগৈ প্ৰমূখ্যে কাৰাবন্দী সংগ্ৰামী নেতাসকলৰ মুক্তিৰ দাবীত বটদ্ৰৱাত মানৱ শৃংখল।

ৰাজ্যত জাপি দিয়া নাগৰিকত্ব সংশোধনী আইন(কা) বাতিলৰ দাবীত প্ৰবল আন্দোলন গঢ়ি তোলা কৃষক নেতা অখিল গগৈকে আদি কৰি কাৰাৰূদ্ধ হৈ থকা নেতাসকলক বিনাচৰ্তে মুক্তিৰ লগতে উন্নত চিকিৎসা প্ৰদানৰ দাবীত বৃহস্পতিবাৰে বটদ্ৰৱাৰ শান্তিজান বজাৰৰ সন্মুখৰ ৰাজপথত কৃষক মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আঞ্চলিকতাবাদী সুৰক্ষা মঞ্চ, সংযুক্ত গণতান্ত্ৰিক ছাত্ৰ মৰ্চা আৰু বটদ্ৰৱা প্ৰেছ ক্লাবৰ উদ্যোগত এক মানৱ শৃংখল কৰি প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে । বিশিষ্ট মানব অধিকাৰ কৰ্মী তথা আঞ্চলিকতাবাদী সুৰক্ষা মঞ্চৰ আহ্বায়ক লাচিত বৰদলৈয়ে অংশগ্ৰহণ কৰি কা-বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি কাৰাৰূদ্ধ হৈ থকা সংগ্ৰমী নেতাসকলক বিনাচৰ্তে মুক্তিৰ লগতে উন্নত চিকিৎসা প্ৰদানৰ দাবী জনাই ।
বটদ্ৰৱাৰ পৰা
পূজা শইকীয়াৰ প্ৰতিবেদন
Time line অসম ।।