• Timeline Asom

মিঞা (মিয়া) উপাখ্যান-১


লেখক : আবুল হাছেম আল-আমান


'মিঞা'(মিয়া) অসমৰ বংগমূলীয় মুছলমান সকলক বুজাবলৈ ব্যৱহাৰ কৰা এটা তাচ্ছিল্যসূচক শব্দ।১৯৭৯-৮০ চনত আৰম্ভ হোৱা ঐতিহাসিক অসম আন্দোলনৰ সময়ৰ পৰা এই শব্দটো ব্যৱহাৰ হৈ আহিছে।মূল পাৰ্চী(উৰ্দু) শব্দ "মিঞা" বা '"মিয়া"ৰ অৰ্থ ডাঙৰীয়া/মান্যবৰ/মাননীয়/সন্মানীয়(Honourable/Respected/Honoured/Revered)।সাধাৰণতে কোনো বিশেষ সন্মানীয় মুছলমান ব্যক্তিয়ে নামৰ আগত এই শব্দ ব্যৱহাৰ কৰে।যেনে-মিয়া নাৱাজ শ্বৰীফ(পাকিস্থানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী),মিয়া মনচুৰ আদি।কিন্তু বৰ্তমান অসমৰ প্ৰেক্ষাপটত এই শব্দটো বংগমূলীয় বা বাংলাভাষী মুছলমান জাতিৰ এটা পৰিচয়সূচক শব্দ হিচাপে চিহ্নিত হৈছে।


গালি হিচাপে ব্যৱহাৰ কৰা মিঞা/মিয়া শব্দটো এতিয়া অসমৰ কাৰণে মূৰৰ কামৰণি হৈ পৰিছে।তুচ্ছাৰ্থত ব্যৱহাৰ কৰা শব্দটোকযে এটা জনগোষ্ঠীটোৱে গৌৰৱেৰে পৰিচয়সূচক হিচাপে গ্ৰহণ কৰিব,কোনেও ভৱা নাছিল।এতিয়া সেই নিৰ্দিষ্ট গোত্ৰৰ ধনী,দুখীয়া,শিক্ষিত,অশিক্ষিত,শিল্পী , সাহিত্যিক,ৰাজনীতিক সকলোৱে নিজকে মিঞা/মিয়া বুলি গৰ্বেৰে কবলৈ ধৰিছে।কিছুৱে এই নামেৰে সংস্থা,সংগঠনৰো জন্ম দিয়া বুলি সংবাদ পত্ৰত ওলাইছে।'অসম মিঞা (অসমীয়া) পৰিষদ' 'মিয়া সাহিত্য সভা' , 'মিয়া ইতিহাস অনুসন্ধান সমিতি', 'চৰ-চাপৰি সাহিত্য পৰিষদ' আদি 'মিয়া' বুলি চিহ্নিত কৰা জনগোষ্ঠীৰ প্ৰতিষ্ঠিত সংগঠন।এইবোৰ সংগঠনে পাকে প্ৰকাৰে এই সম্প্ৰদায়টোক "মিয়া জনগোষ্ঠী" বুলি প্ৰতিষ্ঠিত কৰিবলৈ দাবী জনাই আহিছে।মিয়া শব্দটোৰ দ্বাৰাই অসমত বসবাস কৰা অসংগঠিত ৰূপে থকা পুৰ্ববংগীয়মূলৰ মুছলমানসকল একত্ৰিত তথা সংগঠিত হবলৈ সুযোগ পালে বুলি কব পাৰি।

বিশেষ মন কৰিবলগীয়া কথাটো হল যে মূল অসমীয়া ধাৰাৰ অসমীয়া সকলে মিয়া সকলক বাংলাদেশী,বিদেশী,বংগ ভাষী বুলি এলাগি কৰিলেও ,অসমীয়া সমাজৰ অংশীদাৰ নহয় বুলি কলেও আচৰিত ধৰণে মিয়া সকল মিয়া জনগোষ্ঠীটো কেতিয়াবাই অসমীয়া হৈ পৰিল। অসমৰ ৩৪ শতাংশ মুছলমান জনসংখ্যা প্ৰায় ৩০ শতাংশ‌ই বংগমূলীয় মিয়া।এই লোকসকল বসবাস কৰা অঞ্চলত (বৰাক উপত্যকাক বাদ দি)অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানত (চৰকাৰী/বেচৰকাৰী দুয়ো) শিক্ষা গ্ৰহণ কৰি,অসম সাহিত্য সভাক আদৰি লৈ অসমীয়া ভাষা -সংস্কৃতি চৰ্চা কৰি,অসমীয়া সাহিত্যলৈ অৰিহনা আগবঢ়োৱাৰ জৰিয়তে হাড়ে হিমজুৱে অসমীয়া হৈ পৰি অসম মাতৃৰ সেৱাত ব্ৰতি হৈছে।তেওঁলোকে অসমীয়া মূল সূঁতিৰ সৈতে জীন যাবলৈ অহৰহ চেষ্টা চলাই আছে যদিও মূল অসমীয়া ধাৰাটোৱে সেই সূযোগ দিয়া নাই।অসমৰ ভাষা আন্দোলনতো অসমীয়া ভাষাৰ হকে আন্দোলন কৰি শ্বহীদ হোৱাৰ পিছতো , লোক পিয়লত অসমীয়াকে মাতৃভাষা বুলি লিখি ইয়াক ৰাজ্যিক ভাষা হবলৈ সহায় কৰাৰ পিছতো,কি কাৰণত এই লোকসকলক অসমীয়া বুলি মান্যতা দিয়া হোৱা নাই,সি এক ৰহস্যৰ বিষয়। মিয়া সকলে অসম বা অসমীয়া ভাষা বা অসমীয়া জাতিৰ প্ৰতি কেতিয়াও অন্যায়,অবিচাৰ,ষড়যন্ত্ৰ বা বিশ্বাসঘাতকতা কৰাৰ কোনো প্ৰমাণ ইতিহাসত নাই।তেওঁলোকে স্বাধীনোত্তৰ অবিভক্ত ভাৰতৰ বংগ প্ৰদেশৰ পৰা স্বাভাৱিক প্ৰক্ৰিয়াৰে অসম ভূমিত আহি অসমৰ বাসিন্দা হৈছিল।এই লোকসকল মোগলৰ দিনত হিন্দু ধৰ্ম ত্যাগ কৰি মুছলমান হোৱা মূল ভাৰতীয় লোক।অথচ ইয়াৰ পাছতো কিয় তেওঁলোকক এঘৰীয়া কৰাৰ কুটিল প্ৰৱণতা গা কৰি উঠিছে সি এক দুৰ্বোধ্য বিষয়।

ইতিমধ্যে এই মিয়া বুলি একাষৰীয়া কৰা লোকসকল শিক্ষা-দীক্ষা,সাহিত্য-সংস্কৃতি সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে।ইছমাইল হুছেইন(২জন),হাফিজ আহমেদ, ৰেজাউল কৰিম,ৰমিচা বেগম,আব্দুল মান্নান,ইলিম উদ্দিন দেৱান,খবিৰ আহমেদ,জাকিৰ হুছেইন,ছামিনা নাছৰিন,মিৰ্জা হুমায়ুন কবিৰ আদিকে ধৰি অসংখ্য মিয়া সাহিত্যিকে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি আহিছে।বহুতে অসমীয়া কলা সংস্কৃতি মিয়া সকলৰ মাজলৈ লৈ যাবলৈ অহৰহ চেষ্টা চলাই আছে।কিন্তু এই ক্ষেত্ৰত চৰকাৰী পক্ষৰ পৰা বা মূল সূঁতিৰ অসমীয়া সমাজৰ ফালৰ পৰা বিশেষ কোনো পদক্ষেপ লোৱা হোৱা নাই।ফলত এই গোত্ৰটো চৰকাৰী নথিত অসমীয়া হলেও ভাষাগত আৰু সাংস্কৃতিকভাৱে এশ শতাংশ অসমীয়া আজিও হব পৰা নাই।মিয়া সকলৰ প্ৰায় এশভাগেই নিজৰ মাজত বা ঘৰত কথিত ভাষা হিচাপে তেওঁলোকৰ মূল বাংলা দোৱানতে কথা পাতে।

মিয়া সকলৰ ক্ষোভ এইখিতেই।শ শ বছৰ আগতেই পূৰ্বপুৰুষ সকলে অসমত বসবাস আৰম্ভ কৰাৰ সময়ৰ পৰা দেশভক্তিৰ পৰিচয় দি নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰি,অসমীয়া মাধ্যমৰ বিদ্যালয় পাতি অসমীয়া ভাষাত শিক্ষা গ্ৰহন কৰি থকাৰ পিচতো কিয় তেওঁলোক অসমীয়া নহব!অসমীয়া এক সংমিশ্ৰিত বিশাল জাতি।বিভিন্ন জাতি,জনজাতি মিলি অসমীয়া জাতি গঠিত হৈছে।প্ৰতিটো জাতিৰে নিজা নিজা ভাষা,সংস্কৃতি,কৃষ্টি- কলা আছে।সেইবোৰৰ চৰ্চা আৰু বিকাশ কৰাৰ সুযোগ আছে।নিজা সাহিত্য সভা আদিও আছে।যেনে বড়ো,নেপালী,তিৱা,ৰাভা , কাৰবী,বাংলা আদি।কেৱল মিয়া সকলৰহে নিজা একো নাই।নথকাৰে কথা ।কাৰণ মিয়া সকলে নিজকে জাতি হিচাপে অসমীয়া বুলি ভাৱি লোৱাৰ পিচত বিচ্ছিন্নকৈ নিজৰ কথা কেতিয়াও ভৱা নাই।

কিন্তু অসম আন্দোলনৰ পিচৰ পৰা যেতিয়া তেওঁলোকৰ অসমীয়া পৰিচয় নাকচ কৰি মুকলিকৈ মিয়া বুলি তুচ্ছ তাচিল্য কৰি বাংলাদেশী,বিদেশী বুলি লেই লেই, চেই চেই কৰা আৰম্ভ হল ,তেতিয়াৰ পৰা এই জনগোষ্ঠীটোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ তৎপৰ হল। তাৰ পিচতো কিন্তু তেওঁলোকক বিভিন্ন সময়ত বিভিন্ন ধৰণে উচটনি দিয়া বা হাৰাশাস্তি কৰি অহা স্বত্বেও, নিজকে বাৰে বাৰে অসমীয়া বুলিয়েই পৰিচয় দি আহিছে।তেওঁলোকৰ এটাই মাত্ৰ পৰিচয় অসমীয়া,আৰু এই কথা সকলোৱে মানি লৈ শান্তিৰ বাট মুকলি কৰা উচিত।

মিয়া সকল আৰু তেওঁলোকৰ নেতা সকলেও বিচ্ছিন্ন চিন্তা ত্যাগ কৰি প্ৰকৃত অসমীয়া হবলৈ প্ৰযত্ন কৰা উচিত।কেৱল চৰকাৰী নথিত বা লোক পিয়লত অসমীয়া নহৈ , কথিত আৰু লিখিত ভাৱে এশ শতাংশ অসমীয়ালৈ সলনি হ‌ওক।মূল অসমীয়া সমাজেও সন্দেহ ,ঘৃণা,শত্ৰুতা পৰিহাৰ কৰি জাতিগঠণৰ মধুৰ ধাৰাটোত মিয়া সকলকো সহযোগী আৰু সহযাত্ৰী কৰি জাতিৰ পৰিসৰ বিশাল কৰি ল‌ওক।তেতিয়াহে সকলো বিতৰ্কৰ অৱসান হব।


সৰ্বস্বত্ব সংৰক্ষিত-

আবুল হাছেম আল-আমান

মৰিগাওঁ -৩‌ । মোবাইল নং ৯৪৩৫২২৩২৮১

161 views0 comments

Recent Posts

See All