- Timeline Asom
মৰিগাঁও আৰক্ষীৰ লগতে "মানসিক ৰোগ নিৰাময় কোষ" আৰু বেচৰকাৰী সংগঠনৰ প্ৰশংসনীয় প্ৰদক্ষেপ

মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ নিৰাময় কোষৰ স্বাস্থ্যকৰ্মী নিমিষা বড়া(হিৰু)ৰ তত্বাৱধানত সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰ কমল শইকীয়াৰ নেতৃত্বত আৰু গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহযোগত ১৭ জুলাই তাৰিখে চহৰখনৰ ৪নং ৱাৰ্ডৰ বাকৰিগাঁৱৰ পথৰ ওপৰত বিবস্ত্ৰ অৱস্থাত শুই থকা এগৰাকী মানসিক ৰোগত আক্ৰান্ত মহিলাক উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ উদ্দেশ্যে চিকিৎসালয়লৈ নিয়ে। গ্ৰাম্য পুথিভঁৰাল সন্থা আৰু মানসিক ৰোগ নিৰাময় কোষৰ নেৰানেপেৰা প্ৰচেষ্টাৰে ৬ দিন চিকিৎসা কৰাৰ ফলশ্ৰুতিত মহিলাগৰাকী কিছু পৰিমাণে আৰোগ্য লাভ কৰে আৰু ঘৰলৈ যাব বিচাৰে। মহিলা গৰাকীয়ে কোৱা ভাষ্য অনুসৰি মানিপুৰ ঔজাৰী গাঁৱৰ বাসিন্দা বাবুল দাস ওৰফে মিঠুনৰ পত্নী চানু দাস বুলি জানিব পাৰি পৰিয়ালৰ সৈতে যোগাযোগ কৰাত গিৰিয়েক চিকিৎসালয়ত উপস্থিত হৈ মহিলা গৰাকী তেওঁৰ পত্নী হয় বুলি স্বীকাৰ কৰে। শেষত মানসিক চিকিৎসা বিভাগৰ ফালৰ পৰা দুখন গাড়ীৰে বুধবাৰে দিনৰ ১১-৩০ বজাত আৰক্ষীৰ সহযোগত মহিলা গৰাকীক স্বামীৰ ওচৰত চমজাই দিয়ে। এনেদৰে অৱহেলিত মানসিক ৰোগীগৰাকীক চিকিৎসা সেৱা আগবঢ়ায় সুস্থ অৱস্থালৈ ঘুৰাই আনিবলৈ চেষ্টা অব্যাহত ৰখা বাবে স্থানীয় ৰাইজে আৰক্ষী, মানসিক ৰোগৰ চিকিৎসা বিভাগ আৰু গ্ৰাম্য পুথিভঁৰাল সন্থাৰ বিষয়ববীয়াসকলক ধন্যবাদ জনায়।
মৰিগাঁৱৰ পৰা
ভৰত কুমাৰ নাথৰ প্ৰতিবেদন
টাইমলাইন অসম ।।