- Timeline Asom
ঢকুৱাখনাৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
ঢকুৱাখনাৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । লগত মন্ত্ৰী কেশৱ মহন্ত আৰু নৱ কুমাৰ দলে ।।

ঢকুৱাখনাত চাৰিকড়িয়া নদীৰ গড়াখহনীয়া পৰ্যবেক্ষণ কৰিলেহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ৰাজ্যৰ ভিন্ন প্ৰান্তত নদ-নদীসমূহে গড়াখহনীয়াৰ
ফলত কেনেধৰণে ক্ষতিসাধন কৰিছে তাৰ পৰ্যবেক্ষণৰ বাবে যোৱা কালিৰে পৰা লখিমপুৰৰ বিভিন্ন অঞ্চলৰ লগতে ঢকুৱাখনাতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰে । ইয়াৰ অংশ স্বৰূপে আজি উপস্থিত হৈ চাৰিকড়িয়া নদীৰ গড়াখহনীয়াই ঢকুৱাখনাৰ মহাবিদ্যালয়ৰ চৌহদ, অসামৰিক চিকিৎসালয়, কলেজিয়েট হাইস্কুলৰ প্ৰতি ভাবুকি কঢ়িয়াই কেনেধৰণে ক্ষতিসাধন কৰিছে সেয়া পৰ্যবেক্ষণ কৰে।
পানী কমিলেই এই গড়াখহনীয়া প্ৰতিৰোধ আৰু স্থায়ী সমস্যাৰ সমাধান কৰা হ'ব বুলি সংবাদমাধ্যমক আশ্বাস প্ৰদান কৰে । মন্ত্ৰী নৱকুমাৰ দলেই ধেমাজি আৰু ঢকুৱাখনাৰ চিচি-টেকেলিফুটাৰ জিঅ' টিউব দুৰ্বল অংশ আৰু মথাউৰি গড়াখহনীয়া প্ৰতিৰোধৰ আৰু পুৰণি দুৰ্বল মথাউৰি পুনৰ নিৰ্মানৰ বাবে বাবে জলসিঞ্চন বিভাগে ২৫০ কোটি আবন্টন দিয়াৰ কথা উল্লেখ কৰে।
কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা ৫ লাখ ভুৱা জবকাৰ্ড কৰ্তন কৰা হ'ল আৰু যিমান ভুৱা জবকাৰ্ড আছে অতি সোনকালেই বন্ধ কৰাৰ নিৰ্দেশ দিছে বিভাগীয় কৰ্তৃপক্ষক ।
উল্লেখ্য যে, ঢকুৱাখনাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী মাজুলীলৈ ৰাওনা হয়।
ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন টাইমলাইন অসম ।।