• Timeline Asom

কোৰোণা ভাইৰাছ আৰু আমি - ডা° শান্তনু কুমাৰ বৰা

সামাজিক সুৰক্ষাৰ স্বাৰ্থত সামাজিক মাধ্যমৰ পৰা সংগৃহিত


ডা° শান্তনু কুমাৰ বৰা

স্নায়ু শল্য চিকিৎসক

এইমছ, নতুন দিল্লী



কোৰোণা ভাইৰাছ সম্পৰ্কে সকলোৱে বহুত শুনিলে, নীতি নিৰ্দেশনা মানি চলিলে, লকডাইন পালন কৰিলে , যোৱা চাৰি পাচ মাহ ধৰি ঘৰৰ চাৰি বেৰৰ মাজত আৱদ্ধ হৈ থাকিল, ফলশ্ৰুতিত বেছি ভাগৰে জীৱন আৰু জীৱিকা এতিয়া প্ৰায় স্হবিৰ হৈ পৰিছে৷ এই সময়ত সৰ্বসাধাৰণৰ মনত বহুতো প্ৰশ্নৰ উদয় হৈছে যে আমি এই ৰোগৰ পৰা বাচি থাকি কি হ’ব যদি আমাৰ দুবেলা দুমুঠি আৰ্জিবলৈ সক্ষম হৈ নাথাকো৷ এই ৰোগ আন ৰোগতকৈ এনে কি বেলেগ যে সকলোৱে নিজৰ কাম ইত্যাদি বাদ দি ঘৰত সোমাই থাকিব লগাত পৰিছে৷ এই ৰোগত মৃত্যুৰ হাৰ তেনেই সামান্য দেখোন , তেনেহ’লে কিয় ইমান হুলস্থূল৷ সকলোৰে মনত উদয় হোৱা এই প্ৰশ্নবোৰ অহেতুক নহয়, হয়তো অলপ বুজা বুজিৰ অভাৱত কিছুমান ভুল ধাৰণাই গা কৰি উঠিছে৷ এই লিখনিৰ জৰিয়তে জনসাধাৰণৰ মনত আউল লগাই থকা দুই এটা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছো৷ এইটো সম্পূৰ্ণ অৰাজনৈতিক লিখনি৷ গতিকে বাদ বিবাদৰ অৱকাশ ৰাখিব বিচৰা নাই৷ সকলোৰে মনত আউল লগাই থকা কথাবোৰ কিছু হ’লেও এই লিখনিৰ জৰিয়তে পৰিষ্কাৰ হ’ব পাৰিলে কষ্ট সাৰ্থক হ’ব৷


অথং কোৰোণা সংবাদ


কোৰোণাৰ বিষয়ে আমি কিমান নাজানো আমি নাজানো৷ এইটো এটা নতুন বেমাৰ৷ মাত্ৰ সাত আঠমাহ পুৰণা৷ এই বেমাৰটোৱে আমাৰ দেহত কি ধৰণেৰে ক্ষতি সাধন কৰিব পাৰে আমি ভালদৰে জ্ঞাত নহয়৷ হয়তো একো নকৰিবও পাৰে বাবে বহুত কিবা কিবি কৰিবও পাৰে৷ কমেও আশী শতাংশ মানুহৰ দেহত কোৰোণাই প্ৰৱেশ কৰিলেও কোন লক্ষণ নোলাই বা অতি সাধাৰণ জ্বৰ , কাঁহ আদিৰ সৃষ্টি হয়৷ বাকী পোন্ধৰ শতাংশ মানৰ উশাহ লোৱাত কষ্ট হৈ অক্সিজেন আদিৰ দৰকাৰ হয় কিন্তু সুস্থ হৈ উঠে৷ বাকী পাঁচ শতাংশ মানৰ ক্ষেত্ৰত এই ৰোগে যথেষ্ট অপকাৰ কৰে আৰু তেনে ৰোগীক আই চি ইউ আদিৰ দৰকাৰ হয়৷ প্ৰায় দুই বা তিনি শতাংশ লোক মৃত্যু মুখত পৰে৷ এই পৰিসংখ্যা বোৰ ঠায়ে ঠায়ে বেলেগ হ’ব পাৰে সামূহিক ৰোগ প্ৰতিৰোধ ক্ষমতা বা জনসাধাৰণৰ গঢ় আয়ুস আদিৰ ওপৰত নিৰ্ভৰ কৰি৷ বিভিন্ন জনৰ শৰীৰত বিভিন্ন ধৰণেৰে প্ৰভাৱ পেলোৱা এই নতুন ৰোগটোৰ বিষয়ে আঁতিগুৰি মাৰি চিকিৎসা বিজ্ঞান এতিয়াও জ্ঞাত নহয়৷ নিকট ভৱিষ্যতত এই বিষয়ে সকলো গম পোৱা যাব আৰু সমাধানো ওলাব৷ তেতিয়ালৈ আমি সকলোৱে মানি চলিবলগীয়া সাৱধানতা খিনি মানি চলিবলৈ কোনেও আপত্তি কৰাৰ কোনো যুক্তি থাকিব নালাগে বা নোৱাৰে৷ নতুন বলাৰ এজনে , কাৰিকৰী ভাৱে দুৰ্বল হ’লেও, ভাল ভাল বেটছমেনকো প্ৰথমে শ’লঠেকত পেলাব পাৰে৷ কিন্তু লাহে লাহে তেওঁক সকলোৱে ছয় চাৰি মাৰিবলৈ লয়৷ কোৰোণাক আমিও প্ৰতিহত কৰিব পাৰিম, কেৱল কিছু সময়ৰ আৱশ্যক৷ দেশে বিদেশে সকলোৱে কোৰোণাৰ বিধান উলিয়াবলৈ দিনে নিশাই লাগি আছে৷ আমি সফল হ’মেই৷ তেতিয়ালৈকে নিজৰ আৰু পৰিয়ালটোৰ স্বাস্থ্যৰ কথা ভাৱি সাৱধানে থাকক৷


সাৱধানতা বনাম ভীতিগ্ৰস্থতা


যোৰাবাট পাৰ হওতে ৰাস্তাৰ কাষৰ শিলবোৰত বহুত সাৱধানবাণী লিখা থাকে৷ " গাড়ী জোৰেৰে নচলাব, ঘৰত আপোনাৰ কাৰণে আপোনাৰ পৰিয়ালে অপেক্ষা কৰি আছে৷" ইত্যাদি৷ এইবোৰ আমাক সাৱধান কৰিবলৈ লিখা থাকে , ভয় খুৱাবলৈ নহয়৷ দূৰ্গম পথচোৱা আমি যাতে অপায় অমংগল নোহোৱাকৈ পাৰ হ’ব পাৰো৷ আমি কেতিয়াবা আপত্তি কৰিছো নেকি যে আমাৰ দৃষ্টি ভংগ কৰি আমাৰ বিপদ মাতি আনিবলৈ এই কথাবোৰ লিখি থোৱা হৈছে৷ তদ্ৰুপ কোৰোণাৰ বিষয়ে সতৰ্কীকৰণ সম্পৰ্কীয় প্ৰচাৰ বোৰ কাকো ভয় খুৱাবলৈ নহয় , বৰঞ্চ সাৱধান হ’বলৈহে দি থকা হৈছে যাতে এই সংক্ৰামক বেমাৰটো আমাৰ দেহলৈ বিয়পিব নোৱাৰে৷


লকডাউন সমাধান নেকি


এখন দেশৰ চিকিৎসা ব্যৱস্থা যিমানেই উন্নত বা সক্ষম নহওক কিয় কোনো দেশেই এটা মহামাৰীৰ লগত মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুত হৈ নাথাকে বা থাকিব নোৱাৰে৷ আমেৰিকাৰ দৰে আগশাৰীৰ দেশেই কোৰোণা নিয়ন্ত্ৰণত বহুত অসুবিধাৰ সন্মখীন হৈছে, ভাৰতৰ দৰে উন্নয়নশীল দেশ সমূহৰ কথা নকলোৱেই বা৷ লকডাইনৰ প্ৰয়োজনীয়তা এইখিনিয়েই যে ই বেমাৰটো বনজুইৰ দৰে বিয়পি পৰাৰ আগতে চিকিৎসা ব্যৱস্থা বা প্ৰশাসন ব্যৱস্থাক মহামাৰীটোৰ লগত মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুত হ’বলৈ কিছু সময় প্ৰদান কৰে ৷ জনসাধাৰণো এই সময়ত সজাগ হৈ পৰে আৰু দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তনৰ সৈতে খাপ খাই পৰিবলৈ নিজক প্ৰস্তুত কৰিবলৈ সুবিধা পায়৷ জনস্বাস্থ্য বিপদগ্ৰস্ত হৈ পৰাৰ সময়ত জনসাধাৰণৰ সহযোগত লকডাউনৰ জৰিয়তে কিছু হ’লেও সকাহ পোৱা যায় যদিও ই কেতিয়াও স্থায়ী সমাধান হ’ব নোৱাৰে৷ দীঘলীয়া লকডাউন কাৰো কাম্য নহয় ৷ কাৰণ অৰ্থনীতি ই কোঙা কৰি পেলাব৷ সেয়েহে সকলো ঠাইৰে প্ৰশাসনে স্থানীয় বিষয় বোৰলৈ লক্ষ্য ৰাখি লাহে লাহে এই লকডাউন শিথিল কৰি আহিছে, কেতিয়াবা হয়তো পুনৰাই দিব লগাত পৰিছে৷ আমি ধৈৰ্য্যৰে সহযোগ কৰাতো দৰকাৰী৷ যেতিয়ালৈকে এই বিপদৰ সময় পাৰ হৈ নাযায় , তেতিয়ালৈকে জীৱন আৰু জীৱিকাৰ মাজত এক সন্তুলন বজাই ৰখাটো প্ৰয়োজনীয়৷



পজিটিভ নিগেটিভ পজিটিভ


ধৰক আপুনি আপোনাৰ এটা ৰোগ দেখুৱাবলৈ এজন ডক্তৰৰ ওচৰলৈ গ’ল৷ আপোনাৰ পৰা ৰোগ সম্পৰ্কে জানি ডক্তৰ জনে এখন এক্সৰে কৰিবলৈ ক’লে l কিন্তু এক্সৰে খনত ডক্তৰ জনে সন্দেহ কৰা বেমাৰটো ধৰা নপৰিল মানে আপোনাৰ টেষ্টটো নিগেটিভ৷ তেতিয়া তেখেতে আপোনাক এখন চিটিস্কেন কৰাব ক’লে৷ আপুনি কৰিলে আৰু এইবাৰ চিটি স্কেনত বেমাৰটো ধৰা পৰিল মানে আপোনাৰ টেষ্টটো পজিটিভ৷ মানে আপুনি নিগেটিভৰ পৰা পজিটিভ হৈ গ’লনেকি? নহয় আচলতে আপুনি পজিটিভেই হয় কিন্তু এক্সৰেৰ ৰোগ ধৰা পেলোৱাৰ ক্ষমতা চিটি ষ্কেনতকৈ কম হোৱাৰ কাৰণে ই নিগেটিভ বুলি দিয়া ৰিজাল্ট টো মিছা আছিল মানে false negative. তেনে ক্ষেত্ৰত আপোনাৰ মনত প্ৰশ্ন অহাটো স্বভাবিক যে প্ৰথমে এক্সৰে খন কৰিনো মোক কিয় বিভ্ৰান্ত কৰা হ’ল৷ কাৰণটো হ’ল এক্সৰে অতি সহজে আৰু কম সময়তে কৰিব পৰা এটা পৰীক্ষা৷ কিন্তু চিটি স্কেনৰ বাবে সময় লাগে৷ এক্সৰেত যদি আপোনাৰ বেমাৰটো ধৰা পৰি গ’ল হয় তেনেহ’লে তৎক্ষণাৎ আপোনাৰ চিকিৎসা আৰম্ভ কৰিব পাৰিলেহেতেন৷ চিটিস্কেনৰ ৰিপোৰ্ট অহালৈ ৰৈ থকাৰ প্ৰয়োজন নহ’ল হয়৷ ঠিক তেনেকৈ কোৰোণাৰ ক্ষেত্ৰত কৰা ৰেপিড এণ্টিজেন টেষ্টটোৰ ফলাফল অতি সোনকালে পোৱা যায়, কেই মিনিটমানৰ ভিতৰতে৷ যদি পজিটিভ আহে আপুনি পজিটিভ কিন্তু নিগেটিভ আহিলেহে সমস্যা ৷ আপুনি false negative ও হ’ব পাৰে৷ গতিকে সন্দেহটো নাইকিয়া কৰিবলৈ RTPCR কৰাটো দৰকাৰী যাৰ ৰিজাল্ট আহিবলৈ কেবাদিনো লাগে৷ যদি ৰেপিড এণ্টিজেন টেষ্টে শুদ্ধকৈ যদি নিগেটিভ পজিটিভবোৰ ধৰিবই নোৱাৰে তেনেহ’লে এইটো কৰিনো মানুহক কিয় বিভ্ৰান্ত কৰা হৈছে৷ ইয়াৰ উত্তৰটো হ’ল যদি এশ জন মানুহ কোৰোণাৰ টেষ্ট কৰিব আহে এখন চিকিৎসাকেন্দ্ৰলৈ আৰু ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে যদি তাৰে ত্ৰিছজনৰো পজিটিভ পোৱা যায় তেনেহ’লে সেই ত্ৰিছজনৰ ক্ষেত্ৰত চিকিৎসকৰ তত্ত্বাৱধানত তৎক্ষণাত চিকিৎসা আৰম্ভ কৰিব পৰা যাব ৷ একো ঔষধ নিদিয়েই হওক , পেৰাচিটেমলৰেই হওক, ভিটামিন চি ৰেই হওক বা প্লাজমা থেৰাপিৰেই হওক, সেইটো চিকিৎসকৰ সিদ্ধান্ত ৷ তাত কাৰো দ্বিমত থাকিব নোৱাৰে৷ এই চিকিৎসা ঘৰতো হ’ব পাৰে, কোৱাৰেণ্টাইন চেণ্টাৰতো হ’ব পাৰে বা হস্পিতালততো হ’ব পাৰে ,চৰকাৰী নীতি অনুসৰি৷ বাকী সত্তৰ জন কিন্তু RTPCR ৰ ৰিপৰ্ট নহালৈকে সন্দেহৰ আৱৰ্তত থাকিব আৰু নিজকে আনৰ পৰা দূৰত ৰাখিব লাগিব৷RTPCR ৰিপৰ্টত এই সত্তৰ জনৰ কোনো পজিটিভ নহ’বও পাৰে বাবে কেইজনমান হ’বও পাৰে৷ এতিয়া এই নতুনকৈ পজিটিভ হোৱা কেইজনে যদি ক’বলৈ ধৰে আমিটো প্ৰথমে নিগেটিভ আছিলো এতিয়া কেনেকৈ পজিটিভ হ’লো তেতিয়া তেওঁলোকৰ এই এক্সৰে চিটিস্কেনৰ ৰ উদাহৰণটোৱে সহায় কৰিব৷ আচলতে ৰেপিড এণ্টিজিন টেষ্টৰ ৰ ৰোগ ধৰা পেলোৱাৰ ক্ষমতা RTPCR ত কৈ কম হোৱাৰ বাবে প্ৰথমবাৰ ভুলকৈ নিগেটিভ আহিছিল মানে false negative.


কোৰোণা ৰাজনীতি নেকি


এইটো আপোনাৰ মনৰ কথা৷ যদি আপুনি ভাৱিছে ইয়াত কোনো ৰাজনীতি হোৱা নাই আৰু প্ৰশাসনে যথাসম্ভৱ চেষ্টা কৰিছে এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ তেতিয়াও আপুনি শুদ্ধ আৰু যদি আপুনি ভাৱিছে যে কোৰোণাক লৈ ৰাজনীতি হৈছে আৰু কোনো কোনোৱে ইয়াক নিজৰ আৰ্থিক, ৰাজনৈতিক সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিছে

তেতিয়াও আপুনি শুদ্ধ৷ আপোনাৰ যুক্তিৰ লগত এই বিষয়ে এই সময়ত যুক্তিযুক্ততা কৰাৰ কোনো যুক্তি নাই৷ কিন্ত এটা কথা মনত ৰখা উচিত যে যদি সঁচাকৈ ৰাজনীতি হৈছে এই ৰাজনীতি কোনো জাতি, মাটি বা ভেটিক লৈ হোৱা নাই যে আপুনি প্ৰাণ দিব , এয়া হৈছে আপোনাৰ স্বাস্থ্যক লৈ৷ গতিকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ গৈ আপুনি চিকিৎসক বা বিশেষজ্ঞই দিয়া সাৱধনতা বোৰ পালন লকৰি নিজৰ বহুমূলীয়া জীৱনটোলৈ সংকট মাতি নানিব৷ কাৰণ কোৰোণাই কোনো ৰাজনীতি চিনি নাপায়, ইয়াৰ নীতি হ’ল মানুহৰ দেহৰ ক্ষতি সাধন কৰা৷ আপুনি কাহঁ এটা নমৰাকৈও কোৰোণা আপোনাৰ দেহৰ পৰা খেদি পঠাব পাৰিব পাৰে কিন্তু এই কোৰোণাই আপোনাৰ দেহৰ বিভিন্ন অংগ প্ৰত্যংগত এনে কিছুমান ক্ষতি কৰি যাব পাৰে যাৰ ফল হয়তো আপুনি গোটেই জীৱন ভুগি থাকিব লগাত পৰিব পাৰে৷ গতিকে এই সংকটৰ সময়ত যি জনে যি কৰি আছে ৰাজনীতি কৰিছে , সমাজনীতি কৰিছে কৰি থাকিব দিয়ক কিন্তু আপোনাৰ নীতি হ’ব লাগিব প্ৰয়োজনীয় নীতি নিয়ম বোৰ আখৰে আখৰে পালন কৰি, কেৱল দৰকাৰী কামতহে বাহিৰলৈ গৈ, এৰাই চলিব পৰা সকলো কাম সদ্যহতে পিছুৱাই থৈ নিজৰ লগতে নিজৰ পৰিয়ালটোক এই কঠিন সময় ছোৱা কোনো অপায় অমংগল নোহোৱাকৈ পাৰ কৰি নিয়াটো৷



আমি কিবা ভুল কৰি আছো নেকি?



এই প্ৰশ্নৰ উত্তৰ পাবলৈ আমি অকণমান ইতিহাসৰ পাত খুচৰি চাব লাগিব ৷ ১৯১৮ চনৰ পৰা ১৯২০ চনলৈ স্পেনিছ ফ্লু নামৰ মহামাৰীয়ে পৃথিৱীত ত্ৰাসৰ সৃষ্টি কৰিছিল৷ ৷ তেতিয়া পৃথিৱীৰ জনসংখ্যাও আজিতকৈ বহুত কম আছিল৷ তথাপি সেইসময়ত উন্নত চিকিৎসাৰ অভাৱতেই হওক বা জনসংযোগ মাধ্যমৰ অভাৱৰ বাবেই হওক বা ভাইৰাছটোৰ সক্ষমতাৰ বাবেই হওক পাচঁ কোটি মানুহৰ প্ৰাণ গৈছিল এই মহামাৰীত৷ আজিৰ দৰে তেতিয়াও লকডাউন, মাক্স ব্যৱহাৰ কৰা, পৰাপক্ষত ঘৰত থকা আদি সাৱধানতা টোৰ পালন কৰিবলৈ আহ্বান জনোৱা হৈছিল৷ মানুহে প্ৰথমে পালনো কৰিছিল যদিও এই বাধ্যবাধকতা বোৰে লাহে লাহে সকলোকে আমুৱাইছিল আৰু জনসাধাৰণ অসাৱধান হৈ পৰিছিল৷ পৃথিৱীবাসীৰ এই দায়িত্বহীনতাৰ সুযোগ লৈ স্পেনিছ ফ্লুৱে দ্বিতীয়টো ঢৌত আটাইতকৈ বেছি সংখ্যক মানুহৰ প্ৰাণ লৈছিল৷ মানুহে নিজৰ ভুল বুজি পাই পুনৰাই সাৱধানতা অৱলম্বন কৰি স্পেনিছ ফ্লুুক পৃথিৱীৰ পৰা মষিমূৰ কৰিবলৈ সক্ষম হৈছিল৷ আমি ইতিহাসৰ ভুলবোৰ পুনৰাবৃত্তি হ’বলৈ দিব নালাগে৷ নহ’লে কেতিয়াবা বহুত ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ এই কোৰোণা মহামাৰীৰ সময়তো ৰাইজে একেলগে থিয় হ’লে পৃথিৱীৰ পৰা ইয়াক নিৰ্মূল কৰিবলৈ বেছি সময় নালাগিব৷ আমাৰ সতৰ্কতা, সাৱধানতা আৰু সহযোগিতাই হ’ল বৰ্তমান সময়ত কোৰোণাৰ প্ৰধান প্ৰতিৰোধ৷



কোভিড ১৯ ক লৈ ইমান হৈ চৈ কিয়?


কোৰোণা ভাইৰাছ আগতেও আহিছিল৷ উদাহৰণস্বৰূপে ২০০২ চনত SARS ৰূপত আৰু ২০১২ চনত MERS ৰূপত ৷ প্ৰকৃততে কোভিড ১৯ ত মৃত্যু হাৰ ২_৩% , SARS ত ৯.৫ % আৰু MERS ত ৩৪ %. মৃত্যুৰ হাৰ কম হ’লেও কোভিড ১৯ ৰ বিশেষত্ব হ’ল যে ই অতি সহজে এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে যিটো আন দুটা ভাইৰাছৰ ক্ষেত্ৰত দেখা পোৱা নগৈছিল৷ সেয়েহে বাকী দুটা ভাইৰাছ কেইখনমান দেশতেই সীমাবদ্ধ হৈ ৰৈছিল যদিও কোভিড ১৯ য়ে গোটেই পৃথিৱী ছানি ধৰিছে৷ এই কোভিড ১৯ ৰ আৰু এটা বিশেষত্ব দেখা পোৱা গৈছে যে কোনো লক্ষণ নথকা মানুহেও আনৰ গালৈ এই ৰোগ বিয়পাব পাৰেl SARS আৰু MERS সৃষ্টিকাৰী Coronavirus বেছি শক্তিশালী হোৱাৰ কাৰণে আক্ৰান্ত প্ৰায় সকলো ৰোগীৰ দেহতে লক্ষণ দেখা দিছিল৷ লক্ষণহীন covid 19 ৰ ৰোগী সকল সেই কাৰণে একপ্ৰকাৰে সমাজৰ বাকী জনসাধাৰণৰ বাবে বেছি বিপদজনক হ’ব পাৰে৷ ৷ কোভিড ১৯ ৰ এই বিশেষ গুণদুটাৰ বাবেই ইয়াক লৈ ইমান হৈ চৈৰ সৃষ্টি হৈছে৷ কোৱাৰেণ্টাইন কৰোৱা হৈছে , লকডাউন কৰোৱা হৈছে যাতে ভাইৰাছটোৱে জনসাধাৰণৰ মাজত বনজুইৰ দৰে বিয়পি পৰিব নোৱাৰে৷ কোৱাৰেণ্টাইন এই কাৰণেই যে ১৪ দিনৰ পিছত এই ৰোগীসকলৰ দেহত ভাইৰাছটোৱে নিজৰ গুণাগুণ হেৰুৱাই পেলাই আৰু ৰোগীজন নিজৰ লগতে আনৰ বাবেও বিপদৰ আৰু কাৰণ হৈ নাথাকে ৷ ইয়াকে নকৰিলে অতি সহজে এই ভাইৰাছ সমাজৰ গৰিষ্ঠ সংখ্যক মানুহৰ মাজত বিয়পি পৰিব পাৰে৷ তাৰে পাঁচ শতাংশ ৰোগীকো যদি আই চি ইউৰ দৰকাৰ হয়, তেনেহ’লে আমাৰ দেশৰ কিয় , পৃথিৱীৰ উন্নত দেশৰ চিকিৎসা ব্যৱস্থাও এই অত্যাধিক প্ৰয়োজনীয়তাৰ জোৰা মাৰিবলৈ সক্ষম নহ’ব৷ তাৰ প্ৰমান আমি খবৰে বাতৰিয়ে পাইয়ে আছো৷ অকমান সাৱধানতাৰে আমি বহু অনাকাংক্ষিত মৃত্যু প্ৰতিৰোধ কৰিব পাৰো৷


মানি ল’লো কোভিড ১৯ ত মৃত্যু হাৰ মাত্ৰ ২_৩ % l কিন্তু এইটো এটা পৰিসংখ্যা মাত্ৰ৷ কাৰোবাৰ পৰিয়ালত যদি এনে অঘটন হয় তেনেহ’লে সেই পৰিয়ালটোৰ বাবে সেয়া ১০০% ক্ষতি৷ গতিকে নিজৰ লগতে নিজৰ পৰিয়ালটোক বচাওক মাথো কেইটামান সহজ নিয়ম পালন কৰি, বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি, ওচৰ চুবুৰীয়াৰ মাজত সজাগতাৰ সৃষ্টি কৰি, কোনোবাই অবৈজ্ঞানিক কথাৰে বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিলে ভালদৰে বুজাই দি, আৰু তাৰ মাজতে নিজৰ জীৱিকাৰ বাবে প্ৰয়োজনীয় কাম বোৰ কৰি সাৱধানতাৰে কৰি থাকি৷এজন সচেতন নাগৰিক হিচাপে সকলোৱে আপোনাৰ পৰা এইখিনি দায়বদ্ধতা আশা কৰিছে৷


চৰকাৰৰ দায়িত্ব


পেটৰ ভোক ক্ষোভলৈ ৰূপান্তৰিত হ’বলৈ বেছি সময় নালাগে৷ ফলশ্ৰুতিত জনসাধাৰণে যাতে হিতাহিত জ্ঞান হেৰুবাই সামান্য নাতি নিয়ম বোৰো মানিবলৈ অস্বীকাৰ নকৰে তাৰ প্ৰতি লক্ষ্য ৰখাৰ দায়িত্ব চৰকাৰৰ৷ সঘনাই লকডাউন, সাধাৰণ ৰাইজৰ জীৱিকাৰ ক্ষেত্ৰত দেখা দিয়া হাজাৰটা অসুবিধা , সুবিধাভোগীৰ মুনুফা আদায়, আন ৰোগৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধা আদি সমস্যাবোৰ এক মানৱীয় দৃষ্টিভংগীৰে সমাধান কৰাটো সুশাসনৰ পৰিচায়ক৷ বৰ্হিৰাজ্যৰ পৰা কাম হেৰুৱাই ঘূৰি অহা যুবকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা, ব্যক্তিগত প্ৰতিস্থানৰ ওপৰত চকু ৰখা যাতে কৰ্মচাৰী সকলক অযথা দৰমহা কৰ্তন বা চাকৰিৰ পৰা অব্যাহতি আদি কৰিব নোৱাৰে বা এই প্ৰতিষ্ঠানবোৰক কিছু আৰ্থিক সহায় দিয়া আদি বিশেষ জৰুৰী৷ সৰু সুৰাকৈ হ’লেও কিবা নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ আৰ্থিক সাহায্যৰে যুৱচামক উৎসাহিত কৰাটো অতিকে প্ৰয়োজনীয়৷ অন্য ৰোগত ভূগি থকা ৰোগীসকলৰ সুবিধাৰ কাৰণে যথা সম্ভৱ ব্যৱস্থা লোৱা জৰুৰী৷ ইয়াৰ পিছতো জনসাধাৰণ বিভিন্ন ক্ষেত্ৰত ক্ষুণ্ণ বা ক্ষোভিত হোৱাটো স্বাভাবিক কাৰণ এনে জীৱনশৈলী কাৰো পৰিচিত বা কাম্য নহয়৷ কিন্তু এই ক্ষোভবোৰ হিটলাৰী পদ্ধতিৰে দমন কৰিবলৈ চেষ্টা কৰাতকৈ মানবীয় দৃষ্টিভংগীৰে সমাধান কৰাটো জৰুৰী৷ সকলোৱে এই কথাটো উপলব্ধি কৰাটো দৰকাৰ যে চৰকাৰ আৰু ৰাইজে সহযোগিতাৰে কাম নকৰিলে এই আপদকালৰ পৰা নিস্তাৰ পোৱা সহজ নহ’ব৷


সমাজৰ স্বয়ম্ভু স্বাস্হ্য বিশেষজ্ঞ সকলৰ প্ৰতি



উচ্চতম ন্যায়ালয়ৰ সকলো ৰায় আমাৰ মনঃপুত নহ’ব পাৰে কিন্তু আমি মানি লও বা ল’বলৈ বাধ্য কাৰণ বিচাৰৰ ক্ষেত্ৰত এই অনুষ্ঠান শীৰ্ষত৷ ঠিক তেনেকৈ আমাৰ দেশৰ স্বাস্থ্য সংক্ৰান্তীয় শীৰ্ষতম অনুষ্ঠান ICMR বা ই নিয়োগ কৰা অখিল ভাৰত আয়ুবিজ্ঞান সংস্থানকে আদি কৰি বিভিন্ন প্ৰতিষ্ঠানৰ বিশেষজ্ঞ সকলৰ সকলো কথাত বুঢ়া আঙুলি দেখুৱাই একে ৰাতিতে স্বয়ম্ভু স্বাস্থ্য বিশেষজ্ঞ হৈ সমাজৰ কিছু সংখ্যক লোকে কি সাহসত জনস্বাস্থ্যৰ প্ৰতি সংকট কঢ়িয়াই আনিবলৈ ধৃষ্টতা দেখুৱাইছে তাকে ভাৱি আচৰিত হৈছো৷ কি বৈজ্ঞানিক যুক্তিৰ আধাৰত এই বেমাৰটো এটা প্ৰহসন মাত্ৰ, মোৰ চিনাকি কাৰো হোৱা নাই যেতিয়া এনেকুৱা এটা বেমাৰেই নাই, চব ৰাজনৈতিক কাৰচাজী , চিকিৎসক সকলো সাঙোৰ খাই থকা এটা পৃথিৱীভিত্তিক ষড়যন্ত্ৰ আদি এশ এবুৰি ভিত্তিহীন কথাৰে সহজ সৰল জনসাধাৰণক বিপথে পৰিচালিত কৰি কিমান অনাকাংক্ষিত ভুল কৰিছে কিবা হিচাপ আছেনে৷ যোৱা চাৰি পাঁচ মাহৰ জীৱন সকলোৰে বাবে অসহনীয়, কাৰো কাম্য নাছিল এন এক দুঃসময়৷ কিন্তু এয়া সময়ৰ দাবী৷ সকলো মানি ল’ব পাৰি, চৰকাৰৰ সফলতা-বিফলতা, আমাৰ স্বাস্থ্যবিভাগৰ দুখলগা অৱস্থা, সাধাৰণ মানুহৰ পেটৰ ভাতমুঠিও দুৰ্বিষহ হৈ পৰাত উদ্গীৰিত হোৱা ৰাইজৰ স্বাভাবিক ক্ষোভ ইত্যাদি ,কিন্তু মানি ল’ব নোৱাৰি এই বেমাৰটোৰ বিষয়ে কৰা কিছুমান অৰ্থহীন মনে সজা মন্তব্য, সি লাগিলে যিয়েই নকৰক কিয়, কোনোবা সাহিত্যিক, শিল্পী, নেতা, অভিনেতা বা কোনো বিশেষ চিকিৎসকেই নহওক কিয়৷ পৃথিৱীৰ সকলো স্বাস্থ্য সম্পৰ্কীয় জ্ঞানক বুঢ়া আঙুলি দেখুৱাই তিঘিলঘিলাই থকা এই ভাইৰাছটোৰ বিষয়ে এই সময়ত কোনো অবিশেষজ্ঞৰ মন্তব্যই গ্ৰহণযোগ্য নহয়৷ যি সকলে এই কাম কৰি সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছে , যি উদ্দেশ্যতেই নহওক কিয়, তেওঁলোকে এটা কথা মনত ৰখা উচিত যে সেই উক্তি বা মন্তব্যবোৰে কোনো লঘোনীয়া পেট ভৰাব নোৱাৰে, কিন্তু ভাইৰাছটোক কাৰোবাৰ জীৱন লোৱাত সহায় কৰি দিব পাৰে সি ধূৰূপ৷ আপুনি সকলো কৰক ,চৰকাৰক সমালোচনা কৰক, আপোনাৰ হাতত এই পৰিস্থিতি মোকালিবা কৰিব পৰাকৈ কিবা ভাল উপায় আছে যদি কওক , চাকৰি হেৰুৱা ওচৰৰ ল’ৰাটোক কিবা এটা কৰিবলৈ সহায় কৰি দিয়ক কিন্তু আপুনি যি বিষয়ত বিশেষজ্ঞ নহয় সেই বিষয়ত মুখ নুখুলিব৷ আপুনি সেই প্ৰতিষ্ঠানৰ অংশ নহয়, তাৰ বাবে বছৰৰ পিছত বছৰ সাধনা কৰি থকা মনিষী বহুতো আছে৷ তেওঁলোকক কাম কৰিব দিয়ক৷ আপুনি কাকোৱেই বিশ্বাস কৰিব পৰা নাই, নকৰিব৷ নিজৰ যি মন যাই তাকে কৰক কিন্তু আনক বিপথে প্ৰৰোচিত নকৰিব আপোনাৰ জ্ঞান নথকা বিষয় এটাত অযথা জ্ঞান জাহিৰ কৰিবলৈ গৈ৷ এইটো আপোনাৰ দৰে ৰাতিৰ ভিতৰতে মাটি ফুটি ওলোৱা স্বঘোষিত বিশেষজ্ঞ সকলৰ প্ৰতি এটা অনুৰোধ আহ্বান৷


সমাজৰ দায়িত্বশীল নাগৰিক সকলৰ প্ৰতি


আপোনালোক অসহায় নহ’ব, ভয়ো নকৰিব মাথো কিছু সাৱধান হওক৷ কোৰোণা এইটো ৰূপত কেতিয়াও থাকিব নোৱাৰে, ইয়াৰ প্ৰকোপ কমিবই৷ মাথো কিছু সময়ৰ কথা৷ তেতিয়ালৈকে এজন চিকিৎসক হিচাপে এইটোৱেই ক’ব বিচাৰো কোৰোণাক ইমান সহজভাৱে নল’ব৷ কোৰোণা একো বেমাৰেই নহয় বুলি চচিয়েল মেডিয়াত লাইক কমেণ্টৰ আশাত দি থকা ভিত্তিহীন কথাবোৰত গুৰুত্ব নিদি নিজৰ তথা পৰিয়ালৰ সুৰক্ষাৰ কথা চিন্তা কৰক৷ বহুতে আপোনাক ক’ব ভাইৰাছ বহুত আছে , অকল এইটো ভাইৰাছক ইমান গুৰুত্ব কিয় দিয়া হৈছে , নিশ্চয় কিবা ষড়যন্ত্ৰ আছে৷ বহুতে এনেকেও ক’ব যে কেইজননো মৰিছে কোৰোণাত তাতকৈ ইটো বেমাৰত ইমান বেছি মৰে, সিটো বেমাৰত সিমান বেছি মৰে ইত্যাদি ইত্যাদি৷ আমি ভাইৰাছ, বেক্টেৰিয়াৰ মাজতেই জীয়াই আছো, বাকী বেমাৰত মৃত্যুৰ হাৰ কোৰোণাতকৈ বেছি হ’ব পাৰে কিন্তু পাৰ্থক্য এটা আছে, কোৰোণা এটা নতুন বেমাৰ ৷ এই বেমাৰৰ বিষয়ে যিমান জানো তাতকৈ হয়তো বহুত বেছি নাজানো৷ এই বেমাৰে আক্ৰান্ত সকলৰ দেহত কি পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰে, দীৰ্ঘভাৱে ই শৰীৰত কেনে ক্ষতিকাৰক প্ৰভাব পেলাই যাব পাৰে , ভেকচিন কেতিয়ালৈ সৰ্বসাধাৰণৰ বাবে উপলব্ধ হ’ব ইত্যাদি কথাবোৰ আজিও পৰিষ্কাৰ হোৱা নাই৷ এতিয়ালৈকে ভাইৰাছটোৰ যিবোৰ বৈশিষ্ট্য জানিব পৰা গৈছে তাৰ ওপৰত ভিত্তি কৰি কিছুমান সাৱধানতা মানিবলৈ কোৱা হৈছে৷ সকলোৱে ইতিমধ্যে গম পাইছে যদিও এবাৰ আওৰাই দিয়াৰ অবকাশ আছে৷ সময়ে সময়ে এই নীতি নিৰ্দেশনা বোৰ বৈজ্ঞানিক যুক্তিৰ ভিত্তিত সলনি হৈ থাকিব পাৰে৷


o বাহিৰলৈ গ’লে সঠিক পদ্ধতিৰে মাক্স পিন্ধা


o সঘনাই হাত ধোৱা


o সামাজিক দূৰত্ব বজাই ৰখা


o নাক মুখ হাতেৰে স্পৰ্শ নকৰা


o বিশেষ প্ৰয়োজন নাথাকিলে ঘৰৰ পৰা নোলোৱা


o অপ্ৰয়োজনীয় সভা সমিতি, সকাম নিকাম, বিয়া বাৰু, জন্মদিন, পাৰ্টি আদি পৰিহাৰ কৰা


o ঘৰৰ বৃদ্ধ আৰু সৰু ল’ৰাছোৱালীৰ ক্ষেত্ৰত বিশেষ সাবধানতা অৱলম্বন কৰা


o কাঁহ বা হাঁচি মাৰিলে ৰুমাল বা কিলাকুটিৰে নাক, মুখ ঢাকি ধৰা৷


o আৰু সঘনাই ব্যৱহাৰ হোবা ঠাইবোৰ চেনিটাইজ কৰি থাকা৷


o জনবহুল ঠাই পৰিহাৰ কৰা


o ঘৰৰ বাহিৰৰ পৰা আহি চাবোনেৰে গাধোৱাৰ লগতে কাপোৰ কানি বোৰো ধুই দিব লাগে পাৰিলে৷


সঠিক বিশ্ৰাম লোৱা


নিয়মিত ব্যায়াম আদি কৰা


ইমিউনিটি বঢ়োৱা খাদ্য গ্ৰহণ কৰা




প্ৰতিজন নাগৰিকে নিষ্ঠাৰে এই নিয়ম বোৰ পালন কৰাটো অতি জৰুৰী৷ ইয়াৰ বাবে ঘৰত সোমাই থকাৰ দৰকাৰ নাই৷ লাহে লাহে সকলো ঠাইতে লকডাউন উঠাই দিয়া হৈছে৷ কেৱল এজন সচেতন নাগৰিক হিচাপে এই শিথিলতা কেৱল প্ৰয়োজনীয় কামৰ বাবে ব্যৱহাৰ কৰিব লাগে ,দৈনন্দিন কৰ্মক্ষেত্ৰত প্ৰয়োজনীয় সাৱধানতা খিনি পালন কৰি৷ জীৱন আৰু জীৱিকা বাদ দি আমোদ প্ৰমোদকে আদি কৰি অনাৱশ্যকীয় ভ্ৰমণ , মেল মিটিং আদি যিমান পাৰি সিমানেই পৰিহাৰ কৰাটো বুধিয়কৰ কাম৷ কিমানদিনৰ বাবে এই সাৱধানতা প্ৰয়োজন হ’ব সেইটো নিশ্চয়কৈ কোৱাটো সম্ভৱ নহয় যদিও এটা কথা সঠিক যে যেতিয়ালৈকে এই ভাইৰাছটোৱে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰি থাকিব বা আমি ইয়াৰ বিপক্ষে যুজিবলৈ প্ৰতিষেধক আদিৰে প্ৰস্তুত নহও তেতিয়ালৈকে এই সাৱধানতাবোৰৰ দৰকাৰ হ’ব৷ এই সময় কমেও ছয়মাহৰ পৰা দুই তিনি বছৰলৈকে হ’ব পাৰে৷ জনসাধাৰণৰ এই সামুহিক প্ৰচেষ্টাৰ সুদূৰপ্ৰসাৰী ধনাত্মক প্ৰভাৱ থাকিব৷ ই ৰোগটো বিয়পি পৰাত বাধা দিব আৰু ৰোগীৰ সংখ্যা কমি আহিবl আমাৰ সীমিত চিকিৎসা সেৱাৰ পৰিপ্ৰেক্ষিতত ৰোগীৰ সংখ্যা কমি গ’লে দৰকাৰীসকলক প্ৰয়োজনীয় চিকিৎসাসেৱা দিব পৰা যাব, লাগিলে এই চিকিৎসা কোৰোণাৰ বাবেই হওক বা বাকী বেলেগ বেমাৰৰ বাবেই হওক lফলত বহুতো অনাকাংক্ষিত চিকিৎসা বিষয়ক অসুবিধা বোৰ বা তাৰ ফলশ্ৰুতিত হোৱা মৃত্যুৰ হাৰ কমি যাবl চিকিৎসা বিজ্ঞানী সকলে ভাইৰাছটো সম্বন্ধে গৱেষণা কৰিবলৈ আৰু প্ৰতিষেধক আদি আৱিষ্কাৰ কৰিবলৈ সময় পাব৷ ৰাইজৰ সহযোগ অবিহনে এই মহামাৰী নিৰ্মূল কৰাটো সম্ভৱ নহয়৷ গতিকে সকলোৱে সহযোগ কৰক৷ আমি ভাগ্যবান যে আমাৰ দেশত কোৰোণাই ইমান সংহাৰী ৰূপ ধাৰণ কৰা নাই৷ আমাৰ দেহত আন ভাইৰাছৰ প্ৰতি থকা ক্ৰছ ইমিউনিটিৰ বাবেই হওক বা ভাইৰাছটোৰ কম ৰোগধাৰণ কৰাৰ ক্ষমতাৰ বাবেই হওক বা আমাৰ সকলোৰে দেহত থকা বিছিজি ভেকচিনৰ প্ৰভাৱৰ বাবেই হওক ৷ কিন্তু ইয়াৰ মানে এইটো নহয় যে ভাইৰাছটোৱে সম্ভাৱনীয় দিত্বীয়টো ঢৌত বেছি সংহাৰী ৰূপত আত্মপ্ৰকাশ নকৰিব৷ তাৰবাবে আমি প্ৰস্তুত হৈ থকাটো দৰকাৰী আমাৰ দৈনন্দিন জীৱনত পালন কৰিবলগীয়া এই সাধাৰণ সাৱধানতা কেইটা অৱলম্বন কৰি৷ আমি কোৰোণাৰ লগত সহবাস কৰিবই লাগিব, কিন্তু সাৱধানতাৰে, মোৰ একো নহয় বুলি ডাংকোপ মাৰি নহয় বা সকলো ভুৱা বুলি কিছুমান ভিত্তিহীন উৰাবাতৰিৰ কবলত পৰি ওভতগোৰে নাচিও নহয়৷ আমি সকলোৱে সচেতন নাগৰিক হিচাপে এই ভাইৰাছটোক আমাৰ জনজীৱনৰ পৰা বিদায় দিয়াত সহযোগ কৰো আহক৷

11 views0 comments

Recent Posts

See All