• Timeline Asom

Big Breaking News কৃষক নেতা অখিল গগৈৰ কৰ'ণা পজিটিভ

AKHIL GOGOI: COVID POSITIVE


হয়,অখিল গগৈৰ কৰ'ণা পজিটিভ ।ইতিমধ্যে বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰৰ কৰ'ণা পজিটিভ হোৱাৰ পিছতে নিশ্চিত হ'ল অখিল গগৈৰ কৰ'ণা পজিটিভ । প্ৰথম অৱস্থাত ,অখিল গগৈৰ দেহত কৰ'ণাৰ কিছু লক্ষণ দেখা পোৱাৰ হেতু স্বাৱ পৰীক্ষাত গুৱাহাটী আৰু দিল্লীৰ ফলাফল নিগেটিভ আছিল । কিন্ত তাৰ এটা দিনৰ পিছতে কাৰাগাৰত কৰা ৰেপিড টেষ্টৰ ফলাফলত পজিটিভ অহাৰ পিছতে এক ৰহস্যৰ সৃষ্টি হৈছে ।প্ৰশ্ন হয়,চৰকাৰে ইচ্ছাকৃতভাৱে অখিল গগৈৰ ফলাফল পজিটিভ-নিগেটিভ কৰি উন্নত চিকিৎসাৰ পৰা বঞ্চিত কৰিব বিচাৰিছিল নেকি

কালি ৰাতিয়েই অখিল গগৈক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত জি.এম.চি.এইছ.লৈ অনা হয়।

ফলাফল পজিটিভ হোৱাৰ পিছতে তাৎক্ষণিক ভাৱে হাস্পতাললৈ নিয়াৰ বিপৰীতে সন্ধিয়া ৫ বজাৰ পৰা তেখেতক কাৰাগাৰতে ৰাখি থৈছে বুলি এক গুৰুত্বপূৰ্ণ অভিযোগ সাংবাদিক সকলৰ সন্মুখত উত্থাপন কৰিছে। ইয়াৰোপৰি তেখেতে কয়- "মোক ইহঁতে যথেষ্ট কষ্ট দিছে , জয় আই অসম।"

গুৱাহাটীৰ পৰা ৰাজ দাসৰ প্ৰতিবেদন,

টাইমলাইন অসম ।। #timeline_assam



কৃষক নেতা অখিল গগৈৰ কৰ'ণা পজিটিভ ।



20 views0 comments

Recent Posts

See All