- Timeline Asom
অখিল গগৈৰ মুক্তিৰ দাবীত নিজ-ধিঙত প্ৰতিবাদ
মুছলিম ছাত্ৰসন্থা অসম -ৰ নিজ-ধিং আঞ্চলিক সমিতিৰ উদ্যোগত অখিল গগৈৰ মুক্তিৰ দাবীত নিজ-ধিঙত প্ৰতিবাদ

মুছলিম ছাত্ৰসন্থা অসমৰ নিজ-ধিং আঞ্চলিক সমিতিৰ উদ্যোগত অখিল গগৈৰ মুক্তিৰ দাবীত নিজ-ধিঙত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল মুর্দাবাদ, বিজেপি মুর্দাবাদ , হিমন্ত বিশ্ব শৰ্মা গ' বেক আদি শ্লোগানেৰে উত্তাল কৰি তুলে নিজ-ধিং । মুছলিম ছাত্রসন্থা অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে কয় যে অখিল গগৈক যি মানসিক অত্যাচাৰ কৰি আছে সেয়া গৰিহণাৰ যোগ্য । অখিল গগৈৰ মুক্তিৰ দাবী জনোৱাৰ লগতে গগৈক অচিৰেই মুক্তি নিদিলে তীব্র গণতান্ত্ৰিক আন্দোলন কৰা হ'ব বুলি সকীয়াই দিয়ে মুছলিম ছাত্র সন্থা অসমৰ সাধাৰণ সম্পাদকজনে।
ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ প্ৰতিবেদন টাইমলাইন অসম
8 views0 comments